Surprise Me!

মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ

2025-01-18 1 Dailymotion

মাজুলী: মাজুলীৰ লাচন চাপৰিৰ এজন যুৱক উজলিল কেৰালাত । পিতৃহাৰা যুৱকজনে এদিন কামৰ সন্ধানত ওলাই গৈছিল কেৰালালৈ । সৰুতেই  পিতৃৰ মৃত্যু হোৱাত যুৱকজনৰ পৰিয়ালে কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা বাবে এদিন ঘৰ এৰি গুচি গৈছিল কামৰ সন্ধানত ।  

মাতৃক ঘৰতে অকলে এৰি যোৱা যুৱকজন আছিল বোদ্ধেশ্বৰ গাম । কেৰালাত এখন মাছৰ দোকানত কাম কৰিছিল এই বোদ্ধেশ্বৰে । কিন্তু মনত আছিল অলেখ সপোন । মাছৰ দোকানত কাম কৰি থকাৰ মাজতে বোদ্ধেশ্বৰে প্ৰায়ে অনুশীলন কৰিবলৈ গৈছিল জীমলৈ । এনেকৈয়ে যুৱকজনৰ  দেহশ্ৰীৰ প্ৰতি ধাউতি বাঢ়ি গৈছিল। কেৰালাৰ কটেম জিলাত অনুষ্ঠিত হোৱা ২০২৩ আৰু ২০২৪ ৰ 'মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতা'ত অংশগ্ৰহণ কৰি মিষ্টাৰ কটেম খিতাপ লাভ কৰিবলৈ সক্ষম হয় বোদ্ধেশ্বৰ ।  

শুকুৰবাৰে ৪ বছৰ পিচত বোদ্ধেশ্বৰ ঘৰলৈ অহাত গাওঁবাসীয়ে ঢোলে দগৰে আদৰি আনে । লাচন চাপৰি গাঁৱৰ পুৰুষ-মহিলা সকলোৱে মিলি গোমৰাগ নৃত্যৰে আদৰণি জনায় বোদ্ধেশ্বৰক ।