Surprise Me!

মেঘালয়ত ভয়ংকৰ ভূমিস্খলন; ব্যাহত বৰাক-গুৱাহাটীৰ যাতায়াত ব্যৱস্থা

2025-05-20 5 Dailymotion

শিলচৰ : বৰাক-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কোলিয়াঙত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথছোৱাৰে যাতায়াত । নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰ ভাগত বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কোলিয়াঙত হঠাতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।  

পাহাৰৰ পৰা ভূমিৰ বৃহৎ অংশ আৰু শিল পথছোৱাৰ ওপৰতে খহি পৰে । লগতে পাহাৰৰ পানী বৈ গৈছে পথছোৱাৰ মাজেদি । ফলত বন্ধ হৈ পৰিছে পথছোৱাৰে যাতায়াত । ইফালে এই ভয়ংকৰ ঘটনাৰ পাছতে পথছোৱাৰে যাতায়াত কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে মেঘালয় প্ৰশাসনে ।

ইপিনে পথছোৱা বন্ধ হৈ যোৱাৰ ফলত পথত আবদ্ধ হৈ পৰিছে এম্বুলেন্সসহ শ শ যান-বাহন ৷ ফলত যাত্ৰী-চালকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :স্মাৰ্ট চিটী নহয় যেন সাগৰহে.... পানীত উটিল গুৱাহাটী, বতাহত উৰিল চৰকাৰৰ অহংকাৰ - GUWAHATI FLOODলগতে পঢ়ক :মৰিয়নীত যাতায়াতৰ মাধ্যমেৰে 'সমন্বয়ৰ সেতু' গঢ়াত ব্যস্ত নগা-অসমীয়া - ASSAMESE NAGA HARMONY