Surprise Me!

চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ

2025-05-27 6 Dailymotion

গুৱাহাটী : কাঁহী, বাটি, ঘটি, লোটাৰ এখন বিশেষ বজাৰ । এই বজাৰখন বহিছে গুৱাহাটী মহানগৰীৰ এক বিশেষ স্থান । ঠাইডোখৰৰ কথা শুনিলে আপুনিও হ’ব আচৰিত ৷ কাঁহী, বাটি, ঘটি, লোটাৰ এই বজাৰখন বহিছে গুৱাহাটীৰ চানমাৰি থানাত ৷

এতিয়া হয়তো ভাবিছে কোনো বিক্ৰেতাই থানাৰ কাষতে পাতিছে এই পোহাৰ ৷ যদিহে ভাবিছে তেন্তে সেয়া আপোনাৰ ভুল ধাৰণা ৷ আচলতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা চুৰি হোৱা কাঁহী, বাটিকে ধৰি অন্যান্য সামগ্ৰীসমূূহ আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ পাচতে ভৰি পৰিছে থানাৰ বাকৰি ৷

মালিগাঁৱৰ ডেম্পত অভিযান চলাই কাঁহ, পিতলৰ প্ৰায় ১০ কোটি টকাৰ সামগ্ৰী জব্দ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত দুজন ক্ৰমে ডেম্পটোৰ স্বত্বাধিকাৰী বিনোদ ৰায় আৰু তেওঁৰ সহযোগী নুৰ আলম বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত ADCP সম্ভাবী মিশ্ৰ সংবাদ মাধ্যমৰ আগত কয়, "জব্দ কৰা চুৰি সামগ্ৰীখিনিৰ মূল্য ১০ কোটি টকা । চোৰে প্ৰথমতে সামগ্ৰীসমূহ সৰু ডেম্পত বিক্ৰী কৰে । তাৰ পিছত সৰু ডেম্পৰ পৰা সামগ্ৰীবোৰ ডাঙৰ ডেম্পলৈ আৰু ডাঙৰ ডেম্পৰ পৰা এই সামগ্ৰীসমূহ দিল্লীলৈ প্ৰেৰণ কৰা হয় । তিনিজন লোকক আমি গ্ৰেপ্তাৰ কৰিছো । কিছুদিন পূৰ্বে হোৱা গীতানগৰৰ এটা চুৰিকাণ্ডৰ তদন্ত কৰিবলৈ গৈ এই বৃহৎ ভাণ্ডাৰৰ তথ্য লাভ কৰিছিলো । গ্ৰেপ্তাৰ হোৱা তিনিজনৰ এজনক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে সোমবাৰে অভিযানৰ সময়ত দুজনক গ্ৰেপ্তাৰ কৰা হয় ।"

লগতে পঢ়ক : কাঁহী-বাটি-ঘটি-লোটা... যেন থানাত বজাৰহে বহিল ! - ETV Bharat